সালোক সংশ্লেষণ(photosynthesis) definition

পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্রহৰি বোলা হয়। ই সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰে আৰু কাৰ্বন ডাই-অক্সাইড্ আৰু পানীৰ পৰা খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। যিহেতু,সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয়, সেই কাৰণে ইয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়।সালোক সংশ্লেষণ প্ৰক্ৰিয়া ৰ বাবে পত্রহৰি,সূৰ্যৰ ৰশ্মি,কাৰ্বনডাই-অক্সাইড্ আৰু পানীৰ প্ৰয়োজন। পাতে সৌৰ শক্তি ধৰি ৰাখে আৰু উদ্ভিদত খাদ্য হিচাপে সঞ্চয় কৰে। সেই কাৰণে কোৱা যায় যে সকলো জীৱৰে শক্তিৰ মূল উৎস হল সূৰ্যৰ।

Leave a comment

Design a site like this with WordPress.com
Get started